NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় : অস্থায়ী বন কৰ্মীৰ লগতে ডিফুৰ পৰা আটক মানসিং তেৰাং

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 27, 2020 12:35 pm
Handcuff-1140x570

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২৫ ছেপ্তেম্বৰত কৰায়ত্ত কৰা চাৰিজন চোৰাং ব্যৱসায়ীৰ এজন ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত ৰোগী বুলি জানিব পৰা গৈছে।

এক গোপন তথ্যৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে  যোৱা ২৫ ছেপ্তেম্বৰৰ নিশা গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত হাতীখুলি বৰবিল গাঁৱৰ ধনপুৰ কার্দং, ইংলে পথাৰৰ হৰিৰাম ইংতি, ৰামেশ্বৰ চিংনাৰ আৰু ৰঙগড়াৰ বিমান টাৰক কৰায়ত্ব কৰিছিল।

ধৃত চোৰাং ব্যৱসায়ী কেইজনৰ স্বাস্থ্য পৰীক্ষা কৰাওতে ধনপুৰ কার্দং ক’ভিড-১৯ত আক্রান্ত বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে।

স্বাস্থ্য পৰীক্ষাৰ পিচতে ধৃত লোক কেইজনক আদালতত হাজিৰ কৰা হয়। ক’ভিড-১৯ত সংক্ৰমিত ধনপুৰ কাৰ্ডঙক ক’ভিড চিকিৎসালয়ত ভর্তি কৰাৰ লগতে কার্বি আংলং জিলাৰ ৰঙাগড়াৰ বিমান টাৰ’ক বন বিভাগৰ জিম্মাত দিয়াৰ বিপৰীতে ঘটনাৰ সৈতে জড়িত ইংলেই পথাৰৰ হৰিনাম ইংতি আৰু ৰামেশ্বৰ চিংনাৰক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখযােগ্য যে ধৃত বিমান টাৰ’য়ে গঁড়ৰ খর্গৰ এটা টুকুৰা চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰত ডিফু নিৱাসী মানসিং তেৰাঙক দিয়া বুলি স্বীকাৰ কৰে।

বিমান টাৰ’ৰ স্বীকাৰোক্তিৰ আধাৰত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত ডিফুৰ আৰক্ষীয়ে মানসিং তেৰাঙকো কৰায়ত্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক চমজাই দিয়ে৷ 

ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত হাতী মাউত হিচাপে কাম কৰি থকা অস্থায়ী বন কৰ্মী অশােক ভূঞা আৰু হবিবুৰ ৰহমানো এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত কৰায়ত্ব কৰি আদালতত হাজিৰ কৰাইছে বন বিভাগে৷

২৬ চেপ্তেম্বৰৰ দিনা আদালতে দুয়ােজন অস্থায়ী বনকৰ্মীকে কাৰাগাৰলৈ প্রেৰণ কৰিছে।

ধৃত অস্থায়ী বন কৰ্মীদ্বয়ে ২০১৮ চনত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কর্তব্যৰত অৱস্থাত এটা গঁড়ৰ খৰ্গ পায় কাৰ্বি আংলং জিলাৰ ইংলে পথাৰ নিৱাসী ৰামেশ্বৰ চিংনাৰক দিয়া বুলি ইতিমধ্যে স্বীকাৰ কৰিছে । ৰামেশ্বৰ চিংনাৰকো ইতিমধ্যে বন বিভাগে কৰায়ত্ব কৰিছে৷