NORTHEAST NOW (Assamese)
অসম

উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰি: আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ পদত্যাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2020 2:17 pm
Pradeep-Kumar-1024x512

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰি পাছত দেওবাৰে আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে পদত্যাগ কৰিছে।

উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদীপ কুমাৰে পদত্যাগ কৰিছে।

ইপিনে, এই কেলেংকাৰিৰ দুই মূল অভিযুক্ত অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকা এতিয়াও পলাতক হৈ আছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্তৰ দায়িত্বত থকা চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চক এই কেলেংকাৰিৰ পুংখানুপুংখ তদন্ত কৰি কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ হ’বলৈ নিৰ্দেশ দিছে।

শনিবাৰে নলবাৰী আৰক্ষীয়ে মহানগৰীৰ থেংক য়ু ল’জত নিৰ্দ্ধাৰিত লিখিত পৰীক্ষাৰ  এদিন পূৰ্বে গোপনে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাঁচগৰাকী প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰে।

নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ ভিতৰত আছে মুকালমুৱা ভাংনামাৰিৰ হৰকত আলী, সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন আৰু পাৰ্থ প্ৰতীম পাঠক।

আনহাতে, তিনিচুকীয়াৰ পৰাও চিআইডিয়ে মূল অভিযুক্ত প্ৰাক্তন ডিআইজি পি কে দত্তৰ এজন ঘনিষ্ঠ জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে।