NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ স্পা’ত দেহ ব্যৱসায় চক্ৰ উৎখাত; গ্ৰেপ্তাৰ নাগালেণ্ডৰ চাৰিগৰাকী মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2020 6:51 am
Sex-racket-750x375

মহাৰাষ্ট্ৰৰ পুণ্ডলিকনগৰত আৰক্ষীয়ে চলোৱা এক অভিযানত এখন স্পা’ৰ পৰা চলাই থকা এটা ‘দেহ ব্যৱসায় চক্ৰ’ উৎখাত কৰে।

বাতৰি অনুসৰি, অভিযানৰ সময়ত নাগালেণ্ডৰ চাৰিগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হৈছে।

পুণ্ডলিকনগৰ আৰক্ষী থানাৰ এটা দলে ইলোৰা স্পা চেন্টাৰত তালাচী চলাই নাগালেণ্ডৰ মহিলা চাৰিগৰাকীৰ লগতে স্পা’খনৰ স্বত্ত্বাধিকাৰী আৰু আন দুজন কৰ্মীক আটক কৰে।

আৰক্ষীয়ে স্প’খন চলাই থকা দাত্তু মানে, অমল ভালেৰাও আৰু সন্দীপ ভালেৰাওৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

বাতৰি অনুসৰি, দিল্লীৰ পৰা গৈ স্পা’খনত কাম কৰিবলৈ উপস্থিত হোৱা নাগালেণ্ডৰ আন দুগৰাকী যুৱতীক আৰক্ষীয়ে উদ্ধাৰ কৰে।