NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2025 10:55 am

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লৈ কৰিছে এক বিস্ফোৰক মন্তব্য। তেওঁৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিব আৰু তেনে পৰিস্থিতিত কংগ্ৰেছে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ৰাহুলে ৰাজনৈতিক লাভৰ বাবে দেশত বিশৃংখলতা সৃষ্টি কৰিবলৈ যিকোনো পৰিসৰলৈ যাব পাৰে। তেওঁৰ দাবী, ৰাহুল গান্ধীয়ে ধৰ্ম বা ভোটৰ নামত এনে কাম কৰিছে আৰু সংসদত পাকিস্তানক সমৰ্থন কৰি দেশৰ বিৰুদ্ধে নেতিবাচক মন্তব্য কৰিছে। “ৰাহুল গান্ধীৰ পৰা মই কেতিয়াও ইতিবাচক কথা শুনা নাই। জনসাধাৰণে নিশ্চয় তেওঁক পাঠ শিকাব,” বুলি মুখ্যমন্ত্ৰীয়ে কয়।

কেৱল ৰাহুল গান্ধীয়েই নহয়, অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈকো কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ সংযোগ সন্দৰ্ভত তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ নিজকে প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছৰ অস্তিত্বক লৈ শংকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম কংগ্ৰেছে আগন্তুক নিৰ্বাচনত পৰাজয় মানি লৈছে। গৌৰৱ গগৈয়ে কোৱা চাৰিটা ফোনৰ উধৃতি দি তেওঁ কয়, “মোৰ এটা ফোন প্ৰমোদ বড়োলৈ যায়, আন এটা হাগ্ৰামা মহিলাৰীলৈ যায়। তৃতীয় ফোনটো যায় অমিত শ্বাহলৈ।” কংগ্ৰেছৰ ভিতৰতো তেওঁৰ সংযোগ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে তেওঁতকৈ প্ৰভাৱশালী ব্যক্তি কোন থাকিব পাৰে।

হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতে কংগ্ৰেছলৈ যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে ভৱিষ্যতে কংগ্ৰেছহে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। “কংগ্ৰেছ ক’ত থাকিব এইটো নিৰ্বাচনৰ পিছত!” বুলি তেওঁ কটাক্ষ কৰে।