NORTHEAST NOW (Assamese)
অসম

চাব্বাচ চৰকাৰ! ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও ভৰিব লাগিব পাৰে ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2020 8:22 am
gg

ৰে’ল যাত্ৰা আৰু দেশত সুলভ হৈ নাথাকিব।

তাৰ সকলো ব্যৱস্থাই  ইতিমধ্যে চৰকাৰে কৰিছে।

ৰে’লত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ অন্তৰ্ভূক্তিৰ বাট সুগম কৰি এতিয়া সাধাৰণ মানুহৰ পৰা ধন আহৰণ কৰাত ব্যস্ত হৈছে চৰকাৰ।

শেহতীয়াকৈ ৰে’ল বিভাগে দিয়া প্ৰস্তাৱ অনুসৰি ৰে’ল যাত্ৰী আৰু তেওঁলোকক ষ্টেছনলৈ আগবঢ়াই থবলৈ অহা লোকৰ ওপৰত আৰোপ কৰা হ’ব বিশেষ মাচুল।

ৰে’লত যাত্ৰা কৰাৰ বাবে যাত্ৰীয়ে টিকট ক্ৰয় কৰাৰ উপৰি যাত্ৰাৰ বাবে ৰে’ল খন ব্যৱহাৰ কৰাৰ বাবদ বেলেগকৈ ধন আদায় দিব লাগিব।

সেয়া ‘ইউজাৰ ফি’ হিচাবে লোৱা হ’ব। তদুপৰি ষ্টেছনলৈ যাত্ৰীক আগবঢ়াই থবলৈ যোৱাসকলে প্লেটফৰ্ম টিকটৰ লগতে ১০ টকা ‘ভিজিটৰ ফি’ হিচাবে ভৰিব লাগিব।

যাত্ৰীৰ ক্ষেত্ৰত দবা ভেদে ‘ইউজাৰ ফি’ বেলেগ বেলেগ হ’ব।

সেইমৰ্মে  অসংৰক্ষিত সাধাৰণ দবাত ১০ টকা,সংৰক্ষিত দবাত ২৫ টকা আৰু শীত-তাপ নিয়ন্ত্ৰিত দবাত ৫০ টকা ‘ইউজাৰ ফি’ ভৰিব লাগিব পাৰে।

ৰে’ল বিভাগে দিয়া এই প্ৰস্তাৱত যদি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাই তেন্তে আত্মীয় অথবা বন্ধুক  দেখা কৰিবলৈ গৈ ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও আপুনি ভৰিব লাগিব অতিৰিক্ত ধন।