NORTHEAST NOW (Assamese)
অসম

বিহাৰত পুনৰ বজ্ৰপাতৰ ফলত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 1:57 pm

বিহাৰত পাঁচখন জিলাত শুকুৰবাৰে পুনৰ অতি কমেও ৮ গৰাকী লোকৰ বজ্ৰপাত পৰি মৃত্যু হয়।

বিহাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।

বজ্ৰপাত পৰি মৃত্যু হোৱা ৮ গৰাকী লোকৰ ভিতৰত সমষ্টিপুৰত তিনিগৰাকী, লক্ষ্মীচৰাইত দুগৰাকী, গয়া, বাংকা আৰু জামুইত এগৰাকীকৈ লোকৰ মৃত্যু হয়।

বজ্ৰপাতৰ ফলত মৃত্যু হোৱাৰ লগৰ পৰিয়াললৈ প্ৰতি শোক ব্যক্ত কৰি মুখ্য মন্ত্ৰী নিতিশ কুমাৰে প্ৰতিটো দুৰ্ভগীয়া পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

ইয়াৰ পূৰ্বেও বিগত ২৫ জুনত বিহাৰত ৮৩ গৰাকী লোকৰ বজ্ৰপাত পৰি শোকাৱহ মৃত্যু হৈছিল।

বজ্ৰপাতৰ ফলত মৃত্যু হোৱা ৮৩ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী গোপালগঞ্জ জিলাৰ বাসিন্দা আছিল।

২৫ জুনৰ পৰা ৩ জুনলৈ মাত্ৰ ৮ দিনৰ ভিতৰতে বিহাৰত বজ্ৰপাত পৰি মুঠ ৯১ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে।

বজ্ৰপাত পৰি মৃত্যু হোৱা লোক সকলৰ ভিতৰত অধিকাংশ লোকে পথাৰত কাম কৰি থকা খেতিয়ক আৰু শ্ৰমিক।