NORTHEAST NOW (Assamese)
অসম

মেঘালয়, নাগালেণ্ডতো বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 1:43 pm
COVID19-positive-1-1140x570-750x375-1-1

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত নতুনকৈ চাৰিগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা চাৰি গৰাকী লোকৰ সৈতে মেঘালয়ত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি পায়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

”কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা চাৰিগৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। এই লোক সকল অসমত থকা আৰু মেঘালয়ৰ ৰি ভই জিলাৰ,” চাংমাই টুইট কৰি জনায়।

মেঘালয়ত ক’ৰ’না আক্ৰান্ত ৬৬ গৰাকী লোকৰ ভিতৰত ৪৩ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে ২২ গৰাকী লোকে এতিয়ালও বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে।

আনহাতে, অসমত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে অসম মেঘালয় সীমান্তৰ ৰি-ভ’ই জিলাৰ গুৱাহাটীৰ সমীপৱৰ্তী  অঞ্চলসমূহত ল’কডাউন ঘোষণা কৰিছে।

মেঘালয়ৰ দৰে নাগালেণ্ডতো ক’ৰ’না আক্ৰান্তৰ সংখ্যা শনিবাৰে ৫৬২ গৰাকীলৈ বৃদ্ধি পায়। শনিবাৰৰ দিনটোত ২৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।