NORTHEAST NOW (Assamese)
অসম

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি অষ্টম মৃত্যুবাৰ্ষিকী: ৰাজ্যজুৰি সুঁৱৰিছে গুণমুগ্ধই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 1:19 pm
Hiruda-1

নৱ প্ৰজন্মৰ তাৰুণ্য তগবগ ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি অষ্টম মৃত্যু বাৰ্ষিকী।

আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতাবোৰ নিথৰ হোৱাৰ দিন।

এই উপলক্ষে কবিগৰাকীৰ অসংখ্য গুণমুগ্ধই আজি কবিজনক শ্ৰদ্ধাৰে সোঁৱৰিছে। কবিজনাৰ স্মৰণত ছ’চিয়েল মিডিয়াতো অসংখ্য পোষ্ট দিয়া দেখা গৈছে।

উল্লেখযোগ্য অসমৰ এই বৰেণ্য কবিজনৰ, অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।

১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা কবি হীৰুদাৰ কবিতাই দীৰ্ঘদিন ধৰি অসমীয়া কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি আহিছে।

তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছে।

কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ।

সেইদৰে “ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…আন এটি জনপ্ৰিয় পংক্তি।

হীৰুদা যেন আছিল শব্দৰ থুনপাক, ছন্দৰ যাদুকৰ।

চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে বিচাৰি পায় হীৰুদাক।

নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজি মৰিও অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প। (মৃত্যুওতো এটা শিল্প/জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য -হীৰুদা)।

‘ভালপোৱাৰ বোকামাটি’ বিচাৰি ফুৰা কবি হীৰুদাৰ সুগন্ধি কবিতাৰ ছন্দই সদায়েই কাব্যপ্ৰেমীৰ অন্তৰৰ আৱৰণ খুলি হৃদয় জুৰাব।

আজি কবিগৰাকীৰ অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকীত নৰ্থইষ্ট নাওৰ তৰফৰ পৰাও কবিগৰাকীলৈ যাঁচিছো একাজলি শ্ৰদ্ধাঞ্জলি।