NORTHEAST NOW (Assamese)
অসম

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা: গোলাঘাট জিলা সমিতি গঠন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 28, 2020 8:53 am
IMG-20200927-WA0025

সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বোকাখাতৰ সাধনী ভৱনত আয়োজিত এক বিশেষ সভাত গোলাঘাট জিলা সমিতি গঠনৰ লগতে এক সংবাদ মেলো অনুষ্ঠিত হয় ৷

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ নাথৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মাক সভাপতি আৰু বোকাখাতৰ প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাক সম্পাদক হিচাবে লৈ সংগঠনটোৰ গোলাঘাট জিলা সমিতি গঠন কৰা হয় ৷

সভাত ‘আজু’ক সৱল কৰাৰ বাবে সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা হয়। বোকাখাতত আয়োজিত আজুৰ এই সভাত আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, উপ সভাপতি ৰাজেশ দত্ত, বিত্তীয় সম্পাদক মিন্টু হেমৰম আৰু কেন্দ্ৰীয় সদস্য দিব্যজ্যোতি নাথে অংশ গ্ৰহণ কৰে ৷

সভাত দেশ জুৰি হোৱা সাংবাদিক নিগ্ৰহৰ কাৰ্যক গৰিহনা দিয়াৰ লগতে এনে ঘটনাত নিহত সমুহ সাংবাদিকক স্মৰণ কৰা হয় ৷

সভাৰ শেষত আয়োজিত সংবাদ মেলত আজুৰ সভাপতি পঙ্কজ নাথে বিজেপি নেতৃত্বধীন চৰকাৰ খনক জাতিদ্ৰোহী আৰু গণ বিৰোধী এখন চৰকাৰ বুলি অভিহিত কৰি এই চৰকাৰক উৎখাত কৰাৰ বাবে সকলো বিৰোধী পক্ষক ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান জনায় ৷

এই ক্ষেত্ৰত অখিল গগৈয়ে এখন পতাকা আৰু এটা প্ৰতীকৰ তলত সমবেত হোৱাৰ আহ্বানক প্ৰশংসা কৰি সভাপতি গৰাকীয়ে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ ভুমিকা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

এনে কাৰ্যৰে বিজেপি চৰকাৰক উৎখাত কৰাতো সম্ভৱ নহয় বুলি সংবাদ মেলত সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷