NORTHEAST NOW (Assamese)
অসম

নলবাৰী আৰক্ষীয়ে বিজেপি-আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে : সমুজ্জ্বল ভট্টাচাৰ্য

Posted by: এন ই নাও নিউজ January 28, 2019 9:11 am
Sammujjal Bhattacharya

নলবাৰী আৰক্ষীয়ে বিজেপি আৰু আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই। দেওবাৰে অৰ্থাৎ ২৭ জানুৱাৰিত নলবাৰী জিলাত একাংশ বিজেপি কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণক কঠোৰভাৱে সমালোচনা কৰে ভট্টাচাৰ্যই।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে, ‘থানাৰ ভিতৰত সোমাই আৰক্ষীৰ সন্মুখতে বিজেপি কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণ হ’ল অসম চৰকাৰ আৰু বিজেপি দলৰ একপ্ৰকাৰ গুণ্ডামি আৰু বৰ্বৰতা। আছু কৰ্মীৰ ওপৰত কৰা এনে বৰ্বৰতাৰ উচিত প্ৰত্যুত্তৰ পাব বিজেপিয়ে।’

আৰক্ষীৰ জিম্মাত থকাৰ পিছতো বিজেপিৰ সদস্যই কি দৰে আছুৰ কৰ্মীক প্ৰহাৰ কৰিবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে নলবাৰী আৰক্ষী আৰ এছ এছ আৰু বিজেপিৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে। থানাৰ ভিতৰত প্ৰৱেশ কৰি বিজেপিৰ সদস্যই আছুৰ কৰ্মীক মাৰপিট কৰা ঘটনাৰ পৰাই এটা কথা স্পষ্ট হ’ল যে নলবাৰী থানা বিজেপি আৰু আৰ এছ এছৰ ছাউনীলৈ ৰূপান্তৰিত হৈছে।

তাৰোপৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, ‘যদি চৰকাৰে এইদৰে আমাৰ বিধেয়ক বিৰোধী আন্দোলন বন্ধ কৰিম বুলি ভাবিছে, তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যিকোনো পৰিস্থিতিতে বিধেয়ক বাতিল হ’বই লাগিব। বিধেয়কৰ বিৰুদ্ধে সংগ্ৰমা অব্যাহত থাকিব।’