NORTHEAST NOW (Assamese)
অসম

অসমৰ কথা নুশুনিলে আমি ভাৰতৰ লগত নাথাকো : অখিল

Posted by: এন ই নাও নিউজ January 28, 2019 9:13 am
27-01-19 Tinsukia- Akhil Gogoi with various organisations protest rally (7)

‘’ভাৰতে যদি অসমক সন্মান দিয়ে তেন্তে ভাৰতৰ সৈতে অসম থাকিব, যদি ভাৰতে সন্মান দিব নোৱাৰে তেন্তে ভাৰতৰ সৈতে অসম নাথাকে,’’- ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত তথা ৰাইজৰ সহযোগত তিনিচুকীয়াৰ পানীতোলা ৰূপহী পুখুৰী প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বাতিলৰ দাবীত আয়োজন কৰা বিশাল গণ সমাৱেশত ভাষণ দি এইদৰে কয় অখিল গগৈয়ে।

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই বিধেয়ক বিৰোধী সভাখনত ভাষণ দি গগৈয়ে কয় যে আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ নালাগে। মুখ্য মন্ত্ৰী সোণোৱালে কৈছে যে অখিল গগৈয়ে মিছা কথা কৈছে। ইপিনে হিমন্ত বিশ্ব শৰ্মা আৰু এখোপ চ’ৰা। মোক দেখিলেই তেওঁৰ মূৰ গৰম হৈ যায়।

গগৈয়ে লগতে কয় যে বিজেপি আৰু আৰ এছ এছৰ এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহক ভাৰতীয় হ’বলৈ কৈছে। আমাৰ সকলো ত্যাগ কৰি অকল ভাৰতীয় হ’বলৈ কৈছে। অসমীয়াই কোনো কাৰণতে ইয়াত মান্তি নহয়।

এই বিজেপি চৰকাৰখন আটাইতকৈ মিছলীয়া চৰকাৰ বুলি কৈ জাতি-মাটি-ভেটিৰ প্ৰতিশ্ৰুতি সকলো মিছা বুলিও দোহাৰে অখিল গগৈয়ে।

মুখ্য মন্ত্ৰী সোণোৱালক লক্ষ্য কৰি অখিলে কয় যে সৰ্বানন্দ সোণোৱালে নিজকে আৰু অসমীয়া বুলি ক’বলৈ এৰিলে। তেওঁ এতিয়া ‘জয় আই অসম’ৰ সলনি ‘ভাৰত মাতা কি জয়’ বুলিহে কয়।

হিমন্তৰ টোপনি নোহোৱা কৰি দিছো বুলি দাবী কৰি হাঁহি হাঁহি অখিলে কয় যে কৃষক মুক্তি কৰি কটন কলেজত গৈয়ে হিমন্তক কলেজৰ পৰা বাহিৰ কৰি দিলো, ৰাজনীতিত দপদপাই থকা মানুহটোক ধৰা পেলাই বেয়া মানুহ বুলি প্ৰমান কৰি দিলো।

অখিল গগৈয়ে লগতে কয় যে এতিয়া আপোনালোকে দেখিছে হিমন্তই কপালত ফোঁট লৈ আৰ আৰ এছ, বিজেপিৰ গোটেইটো গোঁসাই, কিন্তু ‘অতি ভক্তি চোৰৰ লক্ষণ’ অসমৰ সকলোৱে জানে।

৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আয়োজিত এই বিশাল গণ সমাৱেশত সংগঠনসমূহৰ কেইবাজনো নেতাই ভাষণ দি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনায়।