NORTHEAST NOW (Assamese)
অসম

চাকৰি নিয়মীয়াৰণৰ দাবীত পি এইচ ই অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া March 7, 2018 10:20 pm
PHE workers' protest

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিত কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলে আজি চাকৰি নিয়মীয়াৰণৰ দাবীত দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ মতে তেওঁলোকে ১৯৯৩ চনৰ পৰা দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন লাভ কৰা নাই।

সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুন্না নাথে নৰ্থ ইষ্ট নাওক কয়, ‘১৯৯৩ চনৰে পৰা আমি পানী যোগান আঁচনিৰ অধীনত কাম কৰি আহিছো যদিও বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন লাভ কৰা নাই। বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আমাক আশ্বাস প্ৰদান কৰি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।’

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা প্ৰতিবাদকাৰী সকলে ৰিহন দৈমাৰীক অসম চৰকাৰৰ আটাইতকৈ ব্যৰ্থ মন্ত্ৰী আখ্যা দিয়ে।

বিনা বেতনে এটা চৰকাৰী চাকৰি কৰি কেনেদৰে পৰিয়াল পোহপাল দিব পাৰি বুলি মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰি তেওঁ কয়, ‘আপুনি আপোনাৰ ব্যৰ্থতাৰ পৰিচয় নিদি আমাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰক। আমি ভালদৰে কাম কৰিব পাৰিলেহে জনসাধাৰণেও বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হ’ব।’

আনহাতে কামৰূপ জিলা শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দিগন্ত ৰংপিয়ে কয়, ‘মন্ত্ৰী ৰিহন দৈমাৰীক বাৰেপতি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছো যদিও তেওঁ বিষয়টোত কোনো গুৰুত্ব দিয়া নাই।’

মন্ত্ৰী গৰাকীয়ে ‘ইউজাৰ কমিটি’ক (user committee) দৰ্মহা প্ৰদানৰ বাবে দ্বায়িত্ব দিয়া বুলি হৈছে কোৱাৰ প্ৰসংগত তেওঁ কয়, ‘ইউজাৰ কমিটিয়ে বিদ্যুতৰ মাচুল প্ৰদান কৰিব নে যন্ত্ৰপাতি মেৰামতি কৰিব নে আমাকে দৰমহা দিব।’

জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভাগটোৰ প্ৰায় সাত হাজাৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিনা বেতনে সেৱা আগবঢ়াই আহিছে।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে শ্ৰমিক কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে মাহিলী দৰমহা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ৰিহন দৈমাৰীক দাবী জনায়।