NORTHEAST NOW (Assamese)
অসম

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ শৰ্মাক বৰপেটাত ৰাজহুৱা অভিনন্দন

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস September 28, 2020 9:24 pm

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাজ্য চৰকাৰে প্ৰদান কৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ শৰ্মাক আজি বৰপেটাত ৰাজহুৱা অভিনন্দন জনোৱা হয়৷

উল্লেখ্য যে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাক যোৱা ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল৷

বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ উদ্যোগত বঁটাপ্ৰাপক গৰাকীক আজি বিয়লি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰত ৰাজহুৱাকৈ অভিনন্দন জনায়৷

অভিনন্দন গ্ৰহণ কৰি বুঢ়া সত্ৰীয়া গৰাকীয়ে কয়, “এই প্ৰাপ্তি মোৰ নহয়, এই প্ৰাপ্তি বৰপেটাবাসী ৰাইজৰ, ম‌ই নিমিত্তহে মাথোঁ”।

অনুষ্টুপীয়াকৈ অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক বাবুল চন্দ্ৰ দাস, বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ মুখ্য সম্পাদক মহানন্দ পাঠকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷