NORTHEAST NOW (Assamese)
অসম

আৰক্ষী নিযুক্তি কেলেংকাৰিত আৰু এগৰাকী প্ৰাৰ্থীক গ্ৰেপ্তাৰ নলবাৰী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 12:03 pm
b2a9177c-2273-48c4-b95d-88c3b9c801b3-750x430

আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰিত জড়িত আৰু এগৰাকী প্ৰাৰ্থীক নলবাৰী আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে।

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ৰামপুৰৰ পৰা গুঞ্জন নামৰ প্ৰাৰ্থীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নলবাৰী আৰক্ষীয়ে বিজয়নগৰ আৰক্ষীৰ সহযোগত গুঞ্জনক ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁক ভাৰতীয় দণ্ডবিধিৰ গোচৰ নং 507/20 U.S 120 (B)/406, 420, 418 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, বৰ্তমান আৰক্ষীয়ে গুঞ্জনৰ জেৰা অব্যাহত ৰাখিছে।

আনহাতে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেকাৰিৰ মূল অভিযুক্ত কুখ্যাত পি কে দত্তৰ অত্যন্ত ঘনিষ্ঠ তথা কেলেংকাৰিটোৰ অন্যতম নায়ক কুমুদ গোস্বামীয়ে সোমবাৰে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

সোমবাৰে সন্ধিয়া গোস্বামীয়ে জিলাখনৰ টিহুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী আৰক্ষীৰ ওচৰত আত্মলমৰ্পন কৰে।

আৰক্ষীয়ে তেওঁক কেলেংকাৰিটোৰ তদন্ত কৰি থকা চিআইডিৰ হাতত গতাই দিয়ে।

দুদিনমান পূৰ্বে আৰক্ষীয়ে আটক কৰা অখ্যাত সংগঠন ভাৰত নিৰ্মাণৰ সভাপতি কুলদীপ ৰাজবংশীয়ে জেৰাৰ সময়ত আৰক্ষীৰ আগত কুমুদ গোস্বামীৰ নাম প্ৰকাশ কৰিছিল।

নলবাৰী জিলাৰ পৰা গোস্বামীয়ে উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে।

কুমুদ গোস্বামীৰ ড্ৰাইভাৰ ৰিংকু বৰ্মনৰ একাউন্টত কোটি টকাৰ লেনদেনৰ তথ্য আৰক্ষীৰ তদন্তত ধৰা পৰিছে।

আৰক্ষীয়ে ইতিমধ্যে এই কেলেংকাৰিৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।