NORTHEAST NOW (Assamese)
অসম

এমনেষ্টি ইন্টাৰনেশ্যনেলে ভাৰতত বন্ধ কৰিলে কামকাজ; চৰকাৰে বন্ধ কৰি দিছে একাউন্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 12:44 pm
Amnesty-Interntaional-646x375

আন্ত:ৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন এমনেষ্টি ইন্টাৰনেশ্যনেলে ভাৰতত ইয়াৰ কামকাজ বন্ধ কৰিছে।

সংস্থাটোৱে অভিযোগ কৰা মতে যোৱা ১০ছেপ্টেম্বৰত ভাৰত চৰকাৰে সংস্থাটোৰ সকলো একাউন্ট বন্ধ কৰি দিছে।

ইয়াৰ পাছতে সংস্থাটোৱে ইয়াৰ অধিকসংখ্যক কৰ্মচাৰীক উলিয়াই দিবলগীয়া হয়।

বাতৰি অনুসৰি, এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক অবিনাশ কুমাৰে কয় যে বিগত দুবছৰ ধৰি সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে আৰু বেংক একাউন্ট বন্ধ কৰাটো কোনো আকস্মিক ঘটনা নহয়।

এনফৰ্চমেন্ট ডাইৰক্টেৰটকে ধৰি চৰকাৰী সংস্থাসমূহে ধাৰাবাহিক নিৰ্যাতন চলোৱাৰো অভিযোগ তোলে কুমাৰে।

তেওঁলোকে দিল্লীৰ হিংসা আৰু জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ মাত মতাৰ পাছতে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ অভিযোগ কৰে।

এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়াই কয় যে তেওঁলোকে সকলো ভাৰতীয় তথা আন্ত:ৰাষ্ট্ৰীয় আইন পালন কৰি আহিছে।

ভাৰতত মানৱ অধিকাৰৰ কামকাজৰ বাবে সংস্থাটোৱে স্থানীয়ভাৱে ধন সংগ্ৰহৰ এক মডেলৰ দ্বাৰা পৰিচালিত হৈছিল।

বিগত আঠ বছৰত চাৰি মিলিয়ন ভাৰতীয়ই সংস্থাটোৰ কামকাজক সমৰ্থন কৰা বুলি দাবী কৰাৰ লগতে প্ৰায় ১লাখ লোকে বিত্তীয় সাহায্য আগবঢ়োৱা বুলি জানিবলৈ দিয়ে সংস্থাটোৱে।

এই বিত্তীয় সংগ্ৰহৰ বিদেশী পুঁজি বিনিয়োগ অধিনিয়ম ২০১০ৰ সৈতে কোনো সম্পৰ্ক থাকিব নোৱাৰে বুলি উল্লেখ কৰি কাৰ্যবাহী সঞ্চালকগৰাকীয়ে কয় যে ভাৰত চৰকাৰে ইয়াক অবৈধ ধনৰ লেনদেনৰ ঘটনা বুলি কৈছে।

তেওঁ লগতে কয় যে এইটোৱে এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়া আৰু আন সৰৱ মানৱ অধিকাৰ সংগঠন, কৰ্মী তথা মানৱ অধিকাৰ ৰক্ষাৰ লোকৰ বিৰুদ্ধে দমনমূলক নীতিকে প্ৰতিফলিত কৰে।