NORTHEAST NOW (Assamese)
অসম

ঋণ বিচৰাসকলৰ বাবে ভাল খৱৰ! SBIয়ে গ্ৰাহকক দিছে এই সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2020 1:36 pm
SBI-4-660x375

বেংকৰ পৰা ঋণ ল’ব বিচৰাসকলৰ বাবে এটা ভাল খৱৰ আনিছে দেশৰ বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক এছ বি আইয়ে।

বেংকটোৰ ফালৰ পৰা সোমবাৰে কোৱা হয় যে ইয়াৰ ডিজিটেল প্লেটফৰ্ম YONOৰ জৰিয়তে খুচুৰা ঋণৰ বাবে আবেদন কৰিলে গ্ৰাহকক প্ৰচেছিং ফী ৰেহাই দিয়াৰ লগতে সুতৰ হাৰতো ৰেহাই দিয়া হ’ব।

‘’বেংকটোৱে  YONOৰ জৰিয়তে গাড়ী, সোণ আৰু পাৰ্ছনেল লোনৰ বাবে আবেদন কৰা সকলো গ্ৰাহককে প্ৰচেছিং ফী এশ শতাংশই ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে,’’-এছ বি আইয়ে কয়।

বেংকটোৱে কাৰ লোনত নিৰ্বাচিত মডেলত আৰম্ভণি ৭.৫শতাংশ সুতৰ সৈতে অন ৰ’ড ১০০শতাংশই ফাইনেন্সৰ অফাৰ আগবঢ়াইছে।

ইয়াৰ উৎসৱৰ অফাৰৰ অংশ হিচাপে, SBIয়ে গ্ৰাহকৰ ক্ৰেডিট স্কোৰ আৰু ঋণৰ পৰিমানৰ ওপৰত ভিত্তি কৰি সুতৰ হাৰৰ ওপৰত ১০ বেছিছ পইন্টলৈকে বিশেষ ৰেহাই আগবঢ়াইছে।

তদুপৰি, গ্ৰাহকে যদি YONOৰ জৰিয়তে গৃহ ঋণৰ বাবে আবেদন কৰে তেতিয়াহ’লে গৃহ ক্ৰয় কৰিব খোজা গ্ৰাহকসকলে পাঁচ বেছিছ পইন্ট সুত ৰেহাইৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ পূৰ্বে এছ বি আইয়ে পাঁচৰ পৰা দহ বেছিছ পইন্টেৰে হ্ৰস্ব ম্যাদী ঋণৰ বাবে MCLR হ্ৰাস কৰিছিল। অৱশ্যে, ইয়াৰ এবছৰীয়া MCLR  সাত শতাংশতে অপৰিৱৰ্তিত আছে।