NORTHEAST NOW (Assamese)
অসম

হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদৰ মাজতে পুনৰ উত্তৰ প্ৰদেশত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2020 1:17 pm

উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশ কপাঁই থকাৰ সময়তে পুনৰ যোগী আদিত্য নাথৰ ৰাজ্যত এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে ধৰ্ষণকাৰীৰ হাতত প্ৰাণ দিবলগীয়া হ’ল।

বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ ভাদোহি জিলা এখন গাঁৱত এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণকাৰীয়ে পথাৰত উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ পাছত কিশোৰী গৰাকীক ইটাৰে মৰিয়াই মৰিয়াই বৰ্বৰভাৱে হত্যা কৰে।

এই বৰ্বৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুগৰাকী লোকক আটক কৰিছে।

আৰক্ষীয়ে দুটা পৰিয়ালৰ মাজত থকা শত্ৰুতাৰ বাবেই এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উত্তৰ প্ৰদেশৰ হাথৰাছত জঘন্য দলবদ্ধ ধৰ্ষণৰ বলি হৈ নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হোৱা দলিত কিশোৰী গৰাকীৰ মৃত্যুৰ পাছত আৰক্ষীৰ লোকে কিশোৰী গৰাকীৰ মৃতদেহ সৎকাৰকলৈয়ো বিতৰ্কৰ সৃষ্টি হৈছিল।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাথৰাছৰ ভূক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত উত্তৰপ্ৰদেশ আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈয়ো দেশত প্ৰতিবাদৰ জন্ম হৈছে।