NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশৰ যুৱতীৰ হত্যাকাণ্ড আৰু ৰাহুল গান্ধীক অপদস্থ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ October 3, 2020 6:37 am
IMG-20201002-WA0051

গান্ধী জয়ন্তীৰ দিনাই প্ৰতিবাদত নামিল মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ। উত্তৰ প্ৰদেশত  কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আৰক্ষীয়ে অপদস্থ কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটাত ব্লক কংগ্ৰেছে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ যোগী আদিত্য নাথৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা নগৰৰ কংগ্ৰেছ ভৱনৰ সন্মুখত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই প্ৰতিবাদ কায্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদ কাৰী সকলে বিজেপি হায় হায়, উত্তত প্ৰদেশৰ মুখ্যমন্ত্ৰী মূৰ্দাবাদ, আদি বিভিন্ন বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কায্যসূচীত  প্ৰতিবাদ কাৰী সকলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক  উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অপদস্থ কৰাৰ প্ৰতিবাদ জনোৱাৰ লগতে উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া যুৱতী ধৰ্ষণ-হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবী জনায়।

ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কিছু সময়ৰ কাৰণে যাতায়ত ব্যাহত হৈ পৰে।