NORTHEAST NOW (Assamese)
অসম

১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়; কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 9:08 am
1-10-750x375-750x375

কোভিড-১৯ৰ বাবে লকডাউনৰ সময়ছোৱাত গৃহ শিক্ষণৰ পৰা আনুষ্ঠানিক বিদ্যালয় শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয় খোলাৰ ক্ষেত্ৰত সুষম ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰই কিছু নিৰ্দেশনা জাৰি কৰিছে।

বিদ্যালয় খোলাৰ বাবে সোমবাৰে শিক্ষা মন্ত্ৰ্যালয়ে জাৰি কৰা নতুন নিৰ্দেশনাত বিদ্যালয় চৌহদসমূহ পৰিষ্কাৰ তথা বীজানুমুক্ত কৰা, উপস্থিতিৰ ক্ষেত্ৰত শিথিলতা, তিনি সপ্তাহলৈকে কোনো পৰ্যালোচনা নৰখা আৰু বিৰতিৰ পাছত বিদ্যালয়লৈ অহাৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰতগুৰুত্ব আৰোপ কৰিছে।

আনহাতে, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় প্ৰয়োজনীয়তা অনুসৰি স্বাস্থ্য তথা সুৰক্ষাৰ সাৱধানতাৰ ক্ষেত্ৰত নিজাকৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

অহা ১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিবলগীয়া বিদ্যালয়সমূহৰ বাবে এলানি নিৰ্দেশনাত মন্ত্ৰ্যালয়ে কৈছে যে বিদ্যালয়সমূহে বিদ্যালয় চৌহদত থকা আচবাব পত্ৰ, সা-সঁজুলি, ছপা সামগ্ৰী, ভৰাঁলঘৰ, পানীৰ টেংকি, পাকঘৰ, কেন্টিন, ৱাছৰুম, লেবৰেটৰী, লাইব্ৰেৰীকে ধৰি সকলো অঞ্চল পৰিষ্কাৰ তথা বীজানুমুক্ত কৰিব লাগিব।

তদুপৰি, বন্ধ কোঠাত বতাহৰ চলাচল নিশ্চিত কৰিবলৈকো কোৱা হৈছে।

সেইদৰে বিদ্যালয়সমূহক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত তেওঁলোকৰ নিজা এছ অ’ পি প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিব পাৰে বুলিও কেন্দ্ৰই নিৰ্দেশনাত কৈছে।

বিদ্যালয়সমূহে শাৰিৰীক বা সামাজিক দূৰত্বৰ নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত  অভিভাৱকৰ সৈতে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা জাননী, পোষ্টাৰ, মেচেজসমূহ দৃষ্টিত পৰাকৈ প্ৰদৰ্শন কৰা তথা প্ৰচাৰ কৰাটো নিশ্চিত কৰিব লাগিব বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে।