NORTHEAST NOW (Assamese)
অসম

ভাৰতত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৬৭ লাখ অতিক্ৰম; সুস্থ হৈ উঠিছে প্ৰায় ৫৭.৫ লাখ লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 1:19 pm
COVID19-negative-1140x570

ভাৰতত বিগত ২৪ ঘণ্টাত ৭২০৪৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৭,৫৭,১৩১ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বুধবাৰে এই তথ্যা দাঙি ধৰে।

আনহাতে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,০৪,৫৫৫ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰতত বৰ্তমানলৈ চিকিৎসাৰ অন্তত মুঠ ৫৭,৪৪,৬৯৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।

বৰ্তমান দেশত মুঠ ৯,০৭,৮৮৩ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অথবা হোম আইছ’লেশ্যনত আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ক’ৰ’না ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

আমেৰিকা, ভাৰত আৰু ব্ৰাজিলত প্ৰতিখন দেশতে এক লাখতকৈ অধিক সংখ্যক লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছে।