NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ মুকলি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 29, 2019 8:11 am
APDCL

কলিয়াবৰত শুকুৰবাৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই  অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ এটা  উপ-কেন্দ্ৰ সেৱা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত  অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল উপস্থিত থাকে।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত  নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটি উদ্ধোধন কৰি কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই  দীনদয়াল উপাধ্যায় গ্ৰাম‍ জ্যোতি যোজনাৰ অন্তৰ্গত সেৱা কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ প্ৰয়োজনীয় বিদ্যুতৰ যোৰা মাৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ।

মুঠ ২×৫ এম. ভি. এ. ৩৩/১১ কে. ভি. শক্তি ক্ষমতা সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ তথা বিদ্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

তাৰোপৰি, সভাত সাধাৰণ গ্ৰাহক আৰু বাণিজ্যিক গ্ৰাহকৰ প্ৰয়োজনীয় বিদ্যুত যোগানৰ সুবিধাৰ কাৰণে বিদ্যুত বিভাগে যাৱতীয় ব্যৱস্থা কৰিব বুলি মন্ত্ৰী তথা বিষয়াবৰ্গই সভাত উপস্থিত ৰাইজক আশ্বাস দিয়ে।

অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এই কাৰ্য্যসূচীক কলিয়াবৰৰ নলতলিবাসী ৰাইজে আদৰণি জনোৱাৰ লগতে  নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটি কলিয়াবৰৰ নলতলিত স্থাপন কৰাৰ বাবে পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ তথা বিদ্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ আৰু মন্ত্ৰী কেশৱ মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰে।