NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

Posted by: এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ : November 28, 2017 10:52 am

আজি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। যোৱা ৫ নৱেম্বৰ তাৰিখে যোগনীয়া গাঁৱৰ গোপাল দাস নামৰ লোকজনক শিৱসাগৰৰ নিজ বাসগৃহৰ পৰা কৌশেলেৰে মাতি নি নগাঁৱত হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। গোপাল দাসৰ হত্যাকাৰী দুজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান, গোপাল দাসৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, পৰিয়ালৰ উপযুক্ত লোকক কৰ্ম সংস্থাপন দিয়া  হত্যাকাণ্ডৰ লগত জৰিত আটকাধীন দুস্কৃতিকাৰীয়ে কোনো কাৰণতে জামিন প্ৰদান নকৰি ফাঁচি দিয়া আদি দাবীৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে সংগঠনটোৱে। সংগঠনটোৱে এক স্মাৰক পত্ৰৰ জৰিয়তে এই দাবী সমূহ উপায়ুক্তক অৱগত কৰে।