NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০১ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 3:12 pm
COVID19-negative-1140x570

বৃহস্পতিবাৰে ত্ৰিপুৰাৰ জি বি পি হস্পিটেলত তিনিগৰাকী কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাই। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩০১ গৰাকীলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত ২০২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ২৭,৫৪৫ গৰাকীলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত বৰ্তমান ৪১৭৫ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৩,০৪৩ গৰাকী কোভিড সংক্ৰমিত লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰা চৰকাৰে অক্টোবৰৰ দ্বিতীয় সপ্তাহৰ পৰা চেৰো চাৰ্ভে আৰম্ভ কৰিব। ৰাজ্যখনৰ জনসাধাৰণৰ শৰীৰত ক’ৰ’নাৰ এণ্টিবডি সম্বন্ধীয় পৰীক্ষাৰ বাবেই এই চাৰ্ভে সম্পন্ন কৰা হয়।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তত কৰা চেৰো চাৰ্ভেৰ পাছত এতিয়াও ক’ৰ’না প্ৰতিৰোধ কৰিব পৰা হাৰ্ড ইমিউনিটি দেশৰ জনসাধাৰণৰ শৰীৰত হোৱা নাই বুলি উল্লেখ কৰিছিল।