NORTHEAST NOW (Assamese)
অসম

মাৰ্কিন কবি লুইচ গ্লুকলৈ ২০২০ৰ সাহিত্যৰ নোবেল বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 7:29 pm
WhatsApp Image 2020-10-08 at 6.11.20 PM

২০২০ বৰ্ষৰ সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছে আমেৰিকান কবি লুইচ গ্লুকে। চুইডিছ একাডেমীয়ে জানিবলৈ দিয়ে যে তেওঁৰ কবিতাৰ অসাধাৰণ ভাষা তথা দাৰ্শনিক সৌন্দৰ্যবোধে ব্যক্তি সত্তাক সাৰ্বজনীন কৰি তোলে।

‘’গ্লুকৰ বক্তৱ্য মধুৰ তথা আপোচহীন। তেওঁৰ কবিতা পঢ়িলে বুজা যায় যে তেওঁ নিজকে সাৱলীল কৰিবলৈ প্ৰয়াস কৰে। একে সময়তে তেওঁৰ লিখনিত সুলভ হাস্য তথা কৌতুকৰ মিশ্ৰিত ৰূপ।‘’

বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰি একাডেমীৰ নোবেল সমিতিৰ অধ্যক্ষ এণ্ডাৰ্ছ এলছনে এইদৰে জানিবলৈ দিয়ে।

সমিতিযে লগতে জানিবলৈ দি কয় যে গ্লুকৰ অধিকাংশ ৰচনাই যদিও আত্মজীৱনীমূলক হিচাপে লক্ষ্যণীয় কিন্তু সেইবোৰক কোনোৰকমে স্বীকাৰোক্তি বুলি গণ্য কৰিব নোৱাৰি। তেওঁ সাৰ্বজনিক স্বীকৃতি বিচাৰে।

তেওঁৰ লিখনিত প্ৰধানকৈ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়। সেইকেইটা হৈছে পাৰিবাৰিক জীৱন, ধেমেলীয়াকৈ প্ৰকাশ পোৱা বৌদ্ধিক দীপ্ততা আৰু ৰচনাত ফুটি উঠা সুক্ষ্ম জ্ঞানৰ আভা।

নোবেল বঁটাৰ ইতিহাসত মাৰ্কিন কবি লুইচ গ্লুক হৈছে ১৬তম মহিলা নোবেল বিজয়ী।