NORTHEAST NOW (Assamese)
দেশ

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2025 6:05 pm

শুকুৰবাৰে বিয়লি হঠাতে বন্ধ হৈ পৰে বম্বে উচ্চ ন্যায়ালয়ৰ কাম। ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে।

আদালতৰ বিষয়াসকলে জনোৱা মতে, দিনৰ ১ বজাৰ আশেপাশে আদালতৰ ইমেইলত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছতে আদালতৰ চৌহদ ক্ষিপ্ৰতাৰে খালী কৰাৰ সিদ্ধান্ত লোৱা হয়। সকলোকে সতৰ্ক কৰি দিবলৈ অধিবক্তা সন্থাক অৱগত কৰা হয়। ইয়াৰ পিছতে অধিবক্তা, আদালতৰ কৰ্মচাৰী আৰু সকলো আদালত চৌহদৰ পৰা ওলাই যায়।

উপ-আৰক্ষী আয়ুক্ত প্ৰবীণ মুণ্ডে আৰু অন্যান্য বিষয়াসকলে ক্ষীপ্ৰতাৰে আদালতত উপস্থিত হয়। বোমা স্কোয়াড (BDDS)এ আদালতৰ চৌহদটো পৰীক্ষা কৰে । আজাদ ময়দান থানা আৰু দক্ষিণ অঞ্চলৰ অতিৰিক্ত আৰক্ষী দলে এই অভিযানত যোগদান কৰে।

এজন চৰকাৰী বিষয়াই কয়, “নিৰ্ধাৰিত প্ৰটকল আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ পি) অনুসৰি অনুসন্ধান চলোৱা হৈছে। ইস্কন মন্দিৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ অট্টালিকা সন্দৰ্ভত আমি বিগত সময়ত এনে ভাবুকি ইমেইল পাইছো। অৱশ্যে এই সকলোবোৰ ভুৱা বুলি প্ৰমাণিত হৈছে।

তেওঁ কয় যে বম্বে উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ আতংকও ভুৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

আনহাতে, শুকুৰবাৰে পুৱা দিল্লীত বোমা আতংকৰ খবৰ বিয়পি পৰে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা থকা সন্দৰ্ভত ইমেইল আহিছিল।