NORTHEAST NOW (Assamese)
অসম

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2025 7:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মিজোৰাম ভ্ৰমণ কৰি পুৱা প্ৰায় ১০ বজাত আইজলত ৯,০০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। তেওঁ লগতে ৰাজহুৱা অনুষ্ঠানতো ভাষণ দিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰি চুৰাচান্দপুৰত প্ৰায় ১২.৩০ বজাত ৭,৩০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ উপৰি তেওঁ ইম্ফলত দিনৰ প্ৰায় ২.৩০ বজাত ১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব আৰু ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰী অসমত উপস্থিত হ’ব আৰু গুৱাহাটীত সন্ধিয়া প্ৰায় ৫ বজাত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব।

১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দিনৰ প্ৰায় ১১ বজাত তেওঁ দৰং জিলাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ পাছত দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁ গোলাঘাটত অসম বায়’-ইথানল প্ৰাইভেট লিমিটেড আৰু নুমলীগড় শোধনাগাৰ প্লাণ্ট উদ্বোধন কৰিব। লগতে গোলাঘাটত পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলাও স্থাপন কৰিব।