NORTHEAST NOW (Assamese)
অসম

কুমাৰ ভৱেশৰ জনপ্ৰিয় ‘পূজা পূজা লাগিছে মন উৰণীয়া’ গীতৰ বাংলা সংস্কৰণ মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 11:23 am

ক’ৰ’ণাতংকৰ মাজতে হেঁপাহৰ দুৰ্গা পূজা সমাগত।

কিন্তু অতিমাৰীৰ আশংকাই ম্লান কৰিছে পূজাৰ আনন্দ।

তথাপি গীতৰ মাজেৰে পূজাৰ আনন্দ দিয়াত এইবাৰো কাৰ্পণ্য কৰা নাই জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশে।

শিল্পী গৰাকীৰ জনপ্ৰিয় ‘পূজা পূজা লাগিছে মন উৰণীয়া’ গীতৰ বাংলা সংস্কৰণটি আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

ইউটিউবত মুক্তি দিয়া বাংলা সংস্কৰণৰ ‘পূজো পূজো লেগেছে’ গীতটিৰ কথা ৰাকেশ গোস্বামীৰ।

গীতটিৰ ভিডিঅ’ সম্পাদনা কৰিছে মণি ৰাজখোৱাই।

পূজাৰ বতৰত মুক্তি লাভ কৰা গীতটি ৰাইজে পূৰ্বৰ দৰেই আদৰি ল’ব বুলি শিল্পী কুমাৰ ভৱেশৰ লগতে গীতিকাৰ ৰাকেশ গোস্বামীয়ে আশা প্ৰকাশ কৰিছে।