NORTHEAST NOW (Assamese)
অসম

দেশত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ৬৬,৭৩২ গৰাকী লোক, মুঠ আক্ৰান্ত ৭১,২০,৫৩৯

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 12:44 pm
COVID19-virus-1-750x375

শীতৰ আগমণৰ লগে লগে  ক’ৰ’ণাৰ সংহাৰ বৃদ্ধি পাব বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি থকাৰ সময়তে ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬৬,৭৩২ গৰাকী লোক। ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮১৬ গৰাকী।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭১ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭১,২০,৫৩৯ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৮,৬১,৮৫৩ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,০৯,১৫০ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৬১,৪৯,৫৩৬ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

দেশৰ কেইখনমান ৰাজ্যত ক’ৰ’ণাৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।