NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ এৰিলে দক্ষিণৰ মোহময়ী অভিনেত্ৰী খুশবুয়ে; এইবাৰ যোগ দিব গেৰুৱা শিৱিৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 12:46 pm
Khusboo

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে দক্ষিণৰ মোহময়ী অভিনেত্ৰী তথা ৰাজনীতিক খুশবু সুন্দৰে। সোমবাৰেই অভিনেত্ৰীগৰাকীয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত খুশবুয়ে দলত শীৰ্ষ পৰ্যায়ত থকা তৃণমূল পৰ্যায়ত সম্পৰ্কহীন লোকে দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি জনায়।

ইপিনে, এআইচিচিৰ মুখপাত্ৰ পদৰ পৰা খুশবু সুন্দৰক অঁতৰোৱা হৈছে বুলি  কংগ্ৰেছৰ ফালৰ পৰা জানিবলৈ দিছে।

বাতৰি অনুসৰি, তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে।

ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে দল সলনি কৰাৰ দৃষ্টান্ত আছে। ২০১০চনত তামিলনাডুৰ ক্ষমতাসীন ডিএমকেত খুশবুয়ে যোগদান কৰিছিল।

ডিএমকেত যোগদান কৰাৰ সময়ত খুশবুয়ে কৈছিল,’’সঠিক সিদ্ধান্ত লোৱা বুলি ভাৱ হৈছে। মই মানুহৰ সেৱা কৰিবলৈ ভালপাওঁ। নাৰীৰ উন্নতিৰ বাবে কাম কৰিব বিচাৰো।‘’

অৱশ্যে, চাৰিবছৰ পাছতে তেওঁ ডিএমকেৰ পৰা পদত্যাগ কৰে।

২০১৪ত তেওঁ ছোনিয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰিছিল। এইবাৰ দক্ষিণৰ তাৰকাগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি দলত যোগদানৰ বাবে আগবাঢ়িছে।