NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণা আক্ৰান্ত ট্ৰাম্পৰ আশু আৰোগ্য কামনাৰে উপবাস কৰা তেলেংগানাৰ যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 1:41 pm
b trump

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মাৰাত্মক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কবৰ পোৱাৰ পিছৰে পৰা তেলেংগানাৰ ৩৩ বছৰীয়া যুৱক বুচ্চা কৃষ্ণ ৰাজুৱে খোৱা-বোৱা সকলো এৰি দিছিল।

ট্ৰাম্পৰ অন্ধ ভক্ত ৰাজুৱে ট্ৰাম্পৰ আশু আৰোগ্য কামনা কৰি আৰম্ভ কৰিছিল উপবাস।

সেই উপবাসেই কাল হ’ল যুৱক জনৰ বাবে। ট্ৰাম্পক মনে প্ৰাণে ভালপোৱা ৰাজুৱে প্ৰায় ৪ দিন ধৰি একো নোখোৱাকৈ থকাৰ অন্তত দেওবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

আজি সংবাদমাধ্যমৰ আগত ৰাজুৰ পৰিয়ালে এই কথা প্ৰকাশ কৰে।

https://youtu.be/vAEP-FhFGmA

ট্ৰাম্পৰ আৰোগ্য কামনাৰে উপবাস কৰা ৰাজুৱে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক ইমানেই ভালপাইছিল যে তেওঁ ঘৰতে ট্ৰাম্পৰ এটা ৬ ফুট দৈৰ্ঘৰ মূৰ্তি স্থাপন কৰিছিল আৰু সেই মূৰ্তিক সদায় ভগৱানক পূজা কৰাৰ দৰেই পূজা কৰিছিল।

ৰাজুৱে ট্ৰাম্পৰ দীৰ্ঘায়ু কামনা কৰি প্ৰতি শুকুৰবাৰে লঘোণে আছিল।

ট্ৰাম্প আৰু তেওঁৰ পত্নী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছতে তেলেংগানাৰ যুৱক জনৰ পৰিয়ালটো চিন্তাত উদ্বিগ্ন হৈ পৰিছিল।

ট্ৰাম্পৰ বেমাৰৰ কথা শুনাৰ পিছতে বুচ্চা কৃষ্ণ ৰাজুৱে ট্ৰাম্পৰ নামত এটা বিশেষ ভিডিঅ’ প্ৰস্তুত কৰি ফেচবুকত প্ৰচাৰ কৰিছিল।

বিগত বৰ্ষত ট্ৰাম্প ভাৰতলৈ অহাৰ সময়ত ৰাজুৱে তেওঁৰ ট্ৰাম্প ভক্তিৰ  বাবেই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

ৰাষ্ট্ৰপতি হিচাবে ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় বিষয়ত গ্ৰহণ কৰা কেতবোৰ নীতি ৰাজুৱে সমৰ্থন কৰিছিল আৰু লাহে লাহে ট্ৰাম্পৰ অন্ধ ভক্ত হৈ পৰিছিল।