NORTHEAST NOW (Assamese)
Popular Stories

দেশবাসীৰ বাবে কিছু আশাৰ খবৰ; হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 10:43 am

বিগত প্ৰায় আঠমাহ ধৰি ক’ৰ’না ভাইৰাছে আতংকিত কৰি ৰখা দেশবাসীৰ বাবে শেহতীয়াকৈ আহিছে কিছু আশাৰ বতৰা।

কিছু দিনৰ পৰা দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমা পৰিলক্ষিত হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৫৫,৩৪২ গৰাকী লোক আক্ৰান্ত হৈছে।

ইয়াৰ উপৰি ক’ৰ’নাৰ ফলত যোৱা ২৪ ঘণ্টাত ৭০৬ গৰাকীয়ে মৃত্যুক আকোৱালি লৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা অনুসৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৭১,৭৫,৮৮১ গৰাকী। ইয়াৰে ৮,৩৮,৭২৯ গৰাকী সক্ৰিয় ৰোগী।

আনহাতে মহামাৰী ক’ৰ’নাৰ পৰা ৬২,২৭,২৯৬ গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে ১,০৯,৮৫৬ গৰাকীৰ মৃত্যু হৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰে জনোৱা মতে ১২ অক্টোবৰলৈকে দেশত ৮,৮৯,৪৫,১০৭ গৰাকীৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

ইয়াৰে ১০,৭৩,০১৪ গৰাকীৰ টেষ্ট কৰা হৈছে সোমবাৰৰ দিনটোত।