NORTHEAST NOW (Assamese)
অসম

অৱশেষত সামান্য কমিল! আজি কিমান হ’ল পেট্ৰ’ল-ডিজেলৰ দাম?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 4, 2021 7:50 am
petroldieselfeb11

অৱশেষত যেনিবা সাধাৰণ জনতাক সামান্য সকাহ দি কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম।

কেন্দ্ৰীয় চৰকাৰে কালি পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আজি সামগ্ৰিকভাবে প্ৰতিলিটাৰ পেট্ৰ’লত ১২ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭ টকা হ্ৰাস পাব বুলি আশা কৰা হৈছে।

কিন্তু ৰাজ্যৰ প্ৰায় ভাগ স্থানতে সেই হাৰত দাম কমা পৰিলক্ষিত হোৱা নাই।

পেট্ৰ’লত আজি প্ৰকৃততে প্ৰায় ৬ টকাহে কমিছে। একেদৰে ডিজেলত প্ৰায় ১১ টকা হ্ৰাস পাইছে।

আজি গুৱাহাটীত পেট্ৰ’ল প্ৰতিলিটাৰত ৯৯.৯২ আৰু ডিজেল লিটাৰত ৮৬.৪০ টকা হৈছে।

এতিয়াও ৰাজ্যৰ বিভিন্ন স্থানত পেট্ৰ’লৰ দাম ১০০ টকাৰ ওপৰতে থকা দেখা গৈছে।

ৰাজ্য চৰকাৰেও পেট্ৰ’ল-ডিজেলত ৭ টকাকৈ হ্ৰাস কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা লাভ নকৰাৰ বাবে বহু ডিপোত হ্ৰাস পোৱা মূল্য গ্ৰাহকৰ পৰা আদায় কৰিব পৰা হোৱা নাই।

উল্লেখ্য পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।

কালি গুৱাহাটী মহানগৰীত পেট্ৰ’লৰ দাম লিটাৰত ১০৬ টকাৰ ওপৰত থকা পৰিলক্ষিত হৈছিল।

এনে সময়তে সাধাৰণ জনতাক সামান্য সকাহ দি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।

সেইমৰ্মে বৃহস্পতিবাৰ অৰ্থাৎ আজিৰে পৰা পেট্ৰ’লত প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেলত প্ৰতিলিটাৰত ১০ টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰা হৈছে।

লগতে ৰাজ্য চৰকাৰেও সংশ্লিষ্ট ভেট হ্ৰাস কৰিছে। ইয়াৰ ফলতে পেট্ৰ’লৰ দাম লিটাৰত ১২ টকা আৰু ডিজেলৰ দাম লিটাৰত ১৭ টকাকৈ আজিৰ দিনটোত হ্ৰাস পাব লাগিছিল।কিন্তু সেয়া হোৱা নাই। এতিয়াও চেঞ্চুৰী কোবাইয়েই আছে পেট্ৰ’লে।

পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত সাধাৰণ লোকসকলৰ উপৰি কৃষকসকল কিছু পৰিমাণে উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।