NORTHEAST NOW (Assamese)
অসম

কেইবাখনো জিলাৰ উপায়ুক্তৰ ব্যাপক সাল-সলনি, কোন জিলাত কোন হ’ব নতুন উপায়ুক্ত?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 4, 2021 7:20 am
কেইবাখনো জিলাৰ উপায়ুক্তৰ ব্যাপক সাল-সলনি, কোন জিলাত কোন হ’ব নতুন উপায়ুক্ত?

ৰাজ্য চৰকাৰে প্ৰশাসনিক ব্যৱস্থাত ব্যাপক ৰদ-বদল ঘটাই কেইবাখনো জিলাৰ উপায়ুক্তৰ সাল-সলনিৰ নিৰ্দেশ দিছে।

সেইমৰ্মে পল্লৱ গোপাল ঝা হব কামৰূপ ( মহানগৰৰ ) নতুন উপায়ুক্ত।

বিশ্বজিত পেগুক ডিব্ৰুগড়ৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।

পল বৰুৱাক চৰাইদেওৰ নতুন উপায়ুক্ত হিচাবে নিযুক্তি দিয়া হৈছে।

প্ৰণৱ কুমাৰ শৰ্মা হ’ব দৰঙৰ নতুন উপায়ুক্ত।

নাজৰিণ আহমেদক ডিমা হাচাওৰ নতুন উপায়ুক্ত হিচাবে দায়িত্ব অৰ্পণ কৰা হৈছে।

দেৱ কুমাৰ মিশ্ৰক বিশ্বনাথৰ নতুন উপায়ুক্ত হিচাবে নিযুক্ত কৰা হৈছে।

এইচ এন গৌতম নগাঁৱৰ নতুন উপায়ুক্ত হ’ব।

পল্লৱী সৰকাৰ দক্ষিণ শালমাৰাৰ নতুন উপায়ুক্ত হিচাবে নিযুক্ত হৈছে।

দিবাকৰ নাথ হ’ব কাৰ্বি আংলঙৰ নতুন উপায়ুক্ত।

মৃদুল যাদৱ হ’ব কৰিমগঞ্জৰ নতুন উপায়ুক্ত।

কৃষ্ণ বৰুৱাক পশ্চিম কাৰ্বি আংলঙৰ নতুন উপায়ুক্ত হিচাবে ৰাজ্য চৰকাৰে নিযুক্তি দিছে।