NORTHEAST NOW (Assamese)
অসম

দিল্লী কেপিটেলছৰ পৰা বাহিৰ হ’ল অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 11:55 am

আঘাতৰ সমস্যাই লগ এৰিব খোজা নাই দিল্লী কেপিটেলছক। অভিজ্ঞ স্পিনাৰ অমিত মিশ্ৰাৰ পিছত এইবাৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল হৈছে আন এগৰাকী অনুভৱী বলাৰ ঈশান্ত শৰ্মা।

বেগী বলাৰ ঈশান্ত শৰ্মাই কামীহাড়ৰ আঘাতত ভোগা বুলি সোমবাৰে দলীয় কৰ্তৃপক্ষই জনাইছে।

চলিত ছিজনত দিল্লীয়ে এই পৰ্যন্ত সাতখন মেচ খেলিছে আৰু ইয়াৰে এখন মেচত অংশ লৈছিল ৩২ বছৰীয়া ঈশান্ত শৰ্মাই।

আবু ধাবিত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে খেলা একমাত্ৰ মেচখনত ঈশান্তে ৪ অভাৰত ২৬ ৰান খৰছ কৰিছিল কিন্তু উইকেট লাভ কৰা নাছিল।

বলাৰ গৰাকীয়ে অনুশীলনৰ সময়ত কামীহাড়ত আঘাত পোৱা বুলি জনাইছে দলীয় মেনেজমেণ্টে।

ভাৰতৰ হৈ ৯৭ খন টেষ্ট, ৮০ খন এদিনীয়া আৰু ১৪ খন টি-২০ মেচ খেলা ঈশান্তৰ অনুপস্থিতি দলে বাৰুকৈয়ে অনুভৱ কৰিব।

ইফালে দলটোৰ আন এগৰাকী প্ৰমুখ খেলুৱৈ ঋষভ পণ্টো বৰ্তমান আঘাতৰ সমস্যাৰ সৈতে যুঁজি আছে। ভৰিৰ মাংসপেশীৰ আঘাতত ভোগা ঋষভ পণ্টে আগন্তুক এসপ্তাহলৈ মেচত অংশ ল’ব নোৱাৰিব বুলি অধিনায়ক শ্ৰেয়ছ আয়াৰে জনাইছে।

ইতিমধ্যে ঋষভে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হৈ যোৱা মেচখনত অংশ ল’ব পৰা নাছিল। মেচখনত মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈছিল দিল্লী কেপিটেলছ।