NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2025 1:52 pm
ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

যোৱা ৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ লক্ষ্যভিত্তিক আক্ৰমণত ১০০ৰো অধিক উগ্ৰপন্থী নিহত হোৱাৰ পিছত পাকিস্তানত তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে।

তাত দেখা যায় যে সন্ত্ৰাসবাদীৰ শেষ যাত্ৰাত পাকিস্তান সেনা আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই অংশ লৈছিল।

দেওবাৰে ভাৰতীয় সেনাবাহিনীয়ে জনায় যে উগ্ৰপন্থীৰ ‘জানাজা’ত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছিল —

লেফটেনেণ্ট জেনেৰেল ফায়াজ হুছেইন শ্বাহ (ফ’ৰ কৰ্পছ, লাহোৰ)

মেজৰ জেনেৰেল ৰাও ইমৰান সাৰতাজ (১১ নং ইনফেন্ট্ৰি ডিভিজন)

ব্ৰিগেডিয়াৰ মহম্মদ ফুৰকান ছাব্বিৰ

পাঞ্জাৱ আৰক্ষীৰ আই জি ডাঃ উছমান আনোৱাৰ

পাঞ্জাৱ প্ৰাদেশিক পৰিষদৰ সদস্য মালিক সোহাইব আহমেদ ভেৰথ

মুৰিদকেত লস্কৰ-ই-তৈবাৰ নেতা তথা আমেৰিকাৰ দ্বাৰা ঘোষিত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হাফিজ আব্দুৰ ৰাউফে তিনিজন নিহত উগ্ৰপন্থীৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ পঢ়ে। জামাত-উদ-দাৱাৰ সদস্য আৰু প্ৰশাসনিক বিষয়াসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “সাধাৰণ নাগৰিকৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাত পাকিস্তানীৰ পতাকা মেৰিয়াই লোৱা নহয়। এই দৃশ্যই প্ৰমাণ কৰে যে তেওঁলোকে সন্ত্ৰাসবাদীসকলক ৰাষ্ট্ৰৰ সহায় আগবঢ়াইছে।”

২৬ জন লোকৰ মৃত্যু হোৱা পেহেলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আছিল এই আক্ৰমণ। এই অভিযানত মুঠ ৯টা স্থানত আক্ৰমণ কৰা হয় – ইয়াৰে ৪টা পাকিস্তানত আৰু ৫টা পাকিস্তান অধিকৃত কাশ্মীৰত অৱস্থিত।

ক্ৰমে লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ দুৰ্গ হিচাপে পৰিগণিত মুৰিদকে আৰু বাহাৱালপুৰ আছিল অন্যতম লক্ষ্য।