NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই যোৰহাট অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰাজপথ অৱৰোধ

Posted by: এন ই নাও নিউজ March 9, 2018 1:22 pm
Jorhat- AASU Protest

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথলৈ ওলাই আহে শ শ অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটৰ ছাত্ৰী। ২০১৩ চনতে কংগ্ৰেছৰ আমোলত প্ৰতিষ্ঠা হোৱা মহিলা উচ্চ শিক্ষানুষ্ঠানখনৰ কোনো আন্তঃগাঁথনি উন্নয়ন নকৰি পৰৱৰ্তী সময়ত কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তিত কৰিব বিচৰা ষড়যন্ত্ৰমূলক কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে ঘোৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীসকলে।

কালি আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে কেইবা ঘণ্টা ধৰি যোৰহাটৰ ৰাজপথ অৱৰোধ কৰি ৰাখে।

বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ৭৫০ গৰাকী ছাত্ৰীৰ ভৱিষৎ জীৱনলৈ ভাবুকি কঢ়িয়াই আনি চৰকাৰে কাৰিকৰী প্ৰতিষ্ঠানলৈ অৱনমিত কৰিব বিচৰা কাৰ্যক কোনো প্ৰকাৰে গ্ৰহণ কৰা নহ’ব বুলি দাবী কৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা হাজাৰৰোধিক ছাত্ৰ-ছাত্ৰীয়ে।

 

Jorhat- AASU Protest
প্ৰতিবাদকাৰী ছাত্ৰী

ৰাজ্য চৰকাৰক মহিলা বিশ্ববিদ্যালয়খনৰ স্বকীয়তা অক্ষুন্ন ৰাখিবলৈ দাবী জনায় একাংশ প্ৰতিবাদকাৰী ছাত্ৰীয়ে। যি সময়ত সমগ্ৰ বিশ্বতেই নাৰী দিৱস উদযাপন কৰি থকা হৈছে, সেই সময়ত অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিব লগীয়া কাৰ্যক সকলোৱে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে।

ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খনক ষ্টেণ্ড এল’ন ইনষ্টিটিউশ্যন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধাচৰণ তথা বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে উচ্চ শিক্ষানুষ্ঠানখনৰ পুনৰ গতিশীলতা আনিবলৈ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে চৰকাৰক দাবী জনায়।

উল্লেখ্য যে ছাত্ৰীসকলে বিভিন্ন শ্লোগানেৰে যোৰহাটৰ আকাশ বতাহ মুখৰিত কৰা প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। লগতে প্ৰতিবাদকাৰীসকলে যোৰহাটৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

অসম মহিলা বিশ্ববিদ্যালয় ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰা তথা বিশ্ববিদ্যালয়খন পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰূপে গঢ়ি তুলিবলৈ শিক্ষাৰ্থীসকলে স্মাৰক পত্ৰখনৰ জৰিয়তে চৰকাৰক দাবী জনায়। ইয়াৰ পাছতে ছাত্ৰীসকলে উপায়ুক্তগৰাকীৰ লগত এক আলোচনাত মিলিত হয় আৰু উপায়ুক্তই এই সন্দৰ্ভত মুখ্য মন্ত্ৰী পৰ্যায়ত আলোচনা কৰিবলৈ প্ৰয়াস কৰাৰো আশ্বাস প্ৰদান কৰে।