NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ October 22, 2018 7:40 am
শিৱসাগৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰ
দেওবাৰে শিৱসাগৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আৰু গুৱাহাটীৰ দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হৈ যায়।
পুৱা ১০ বজাত চহৰৰ দ’লমুখ চাৰিআলিত থকা জয়দয়াল খেমকা মাতৃ সেৱা সদনত অনুষ্ঠিত হয় এই বিনামূলীয়া চিকিৎসা আৰু কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰ। জয়দয়াল খেমকা মাতৃ সেৱা সদনৰ চৌহদত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্ত্তিত বন্তি প্রজ্বলনেৰে এই শিবিৰৰ শুভাৰম্ভ কৰে জিলা অতিৰিক্ত উপায়ুক্ত আল আজহাৰ আলীয়ে।
উদ্ধোধনী অনুষ্ঠানটো সঞ্চালন কৰে মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি মনোজ কুমাৰ আগৰৱালাই। অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ সমন্বয়ক হেমন্ত কেজৰিৱালে।
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগ চিনাক্তকৰণ তথা সজাগতা শিবিৰত গুৱাহাটীৰ দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক ড০ মৃন্ময় বৰুৱাৰ লগতে গুৱাহাটীৰ ডাঃ ধীৰেণ দাস,  কন্দৰ্প দাস,  শিৱসাগৰৰ ডাঃ ৰঞ্জিত হাজৰিকা, ডাঃ নন্দিতা ভূঞা বৰুৱা, ডাঃ বন্দনা গুপ্তা শৰ্মাই ৰোগী সকলক চিকিৎসা প্ৰদান কৰে।
এই স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগ চিনাক্তকৰণ তথা সজাগতা শিবিৰত দুই শতাধিক ব্যক্তিক স্বাস্থ্য পৰীক্ষা কৰা হয়।