NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ যুৱকৰ দুঃসাহসিকতা : পানীত ডুবা গাড়ীৰ পৰা উদ্ধাৰ কৰিলে যাত্ৰীক

Posted by: উত্তম শইকীয়া October 22, 2018 7:05 am
Image_1540138210922

বোকাখাতৰ বালিজানৰ নাজিৰুল নামৰ এজন যুৱকে নিজৰ জীৱনকো তুচ্ছ কৰি এখন ডুবিবলৈ ধৰা গাড়ীৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে ৷

জানিব পৰা মতে বোকাখাত মহকুমাৰ নুমলীগড়ত দেওবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত ৩৭ নং ঘাইপথৰ এখন দলঙৰ তলত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে৷ তিতাবৰৰ পৰা তেজপুৰ অভিমুখী এ এচ ০২ টি ১৫৪৯ নম্বৰৰ নিচান মাইক্ৰা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ তলৰ পানীত বুৰ যায় ৷

ঘটনাটো সংঘটিত হোৱাৰ পাছতেই এখন স্কুটিৰে বোকাখাতলৈ বুলি আহি থকা যুৱক নাজিৰুল আহমেদে ঘটনাটো দেখা পাই পানীত জঁপিয়াই ডুবিবলৈ ধৰা গাড়ীখনৰ পৰা অতি তৎপৰতা আৰু বিচক্ষণতাৰে সকলোকেইজন যাত্ৰীকে  উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ কৰা যাত্ৰী সকল হ’ল সবিতা বৰা,দেৱাশিস বৰা ,উদয় বৰা আৰু বিপিন বৰা ৷ আটাইকেইজনকে কমাৰগাঁও চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় আৰু সকলোৱে এতিয়া সুস্থ।

আনহাতে, গাড়ীখন এতিয়াও পানীৰ তলত সোমাই আছে। নাজিৰুলৰ এই সাহসিকতা তথা মানৱীয়তাক সকলোৱে প্ৰশংসা কৰিছে।