NORTHEAST NOW (Assamese)
অসম

টীয়কত নিবনুৱা যুৱক-যুৱতী আত্মনিৰ্ভৰশীল হ’বলৈ বিজেপি দলৰ আদৰণীয় পদক্ষেপ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক October 13, 2020 5:11 pm
Screenshot_2020-10-13-16-36-30_1(1)

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ বৰাৰ পৃষ্ঠপোষকতাত আৰু কলিয়াপানী মণ্ডল বিজেপিৰ সহযোগত “উত্তৰ পূৱ নৱীকৰণযোগ্য গৱেষণা পৰীক্ষাগাৰ”ৰ কাৰ্যবাহী বিষয়া প্ৰকাশ সিঙৰ উপস্থিতত “আত্মনিৰ্ভৰ ভাৰত…আত্মনিৰ্ভৰ অসম”ৰ লক্ষ্যৰে যুৱক যুৱতী সকলক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে  Dual Powered  Incubator সঁজুলি Automatic Trayৰ সৈতে মণ্ডলৰ অধীনস্থ ১৩ গৰাকী যুৱক যুৱতী মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয়।

সৌৰশক্তি আৰু বৈদ্যুতিক শক্তিৰে চালিত এই সঁজুলিৰ জৰিয়তে অতি সহজে হাঁহ, কুকুৰা আদিৰ কণী উমনি দিয়াই পোৱালি জগাই ব্যৱসায় ভিত্তিত যুৱপ্ৰজন্মক আত্ম নিৰ্ভৰশীল হ’বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাই।

টীয়কৰ কলিয়াপানী মণ্ডলৰ বিজেপিৰ কাৰ্যালয়ত অনুস্থিত এই কাৰ্যসূচীত কলিয়াপানী মণ্ডলৰ সভাপতি দীপক শইকীয়া, সম্পাদকদ্বয়  চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে  সমষ্টিটোৰ চিপাহীখোলা মণ্ডলৰ ১৩ টা আৰু কলিয়াপানী মণ্ডলত ১৩ মুঠ ২৬ যন্ত্ৰ সমষ্টিৰ যুৱক যুৱতীক প্ৰদান কৰা হৈছে।