NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ এজন যুৱকে চিন্তাত পেলাইছে দেশখনৰ স্বাস্থ্য বিজ্ঞানীসকলক, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 2:08 pm
a america

ক’ৰ’ণা ভাইৰাছকলৈ বিশ্বৰ বিজ্ঞানীসকলে নিৰন্তৰ গৱেষণা অব্যাহত ৰাখিছে।

গৱেষণাৰ ফলাফল ভিত্তিতে বিজ্ঞানীসকলে এই বুলি মন্তব্য কৰি আহিছে যে এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা জন পুৰ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো আশংকা নাথাকে।

বিশেষকৈ এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা লোক এজনৰ দেহত যি এণ্টিবডিৰ সৃষ্টি হয় সেই এণ্টিবডিয়ে লোক জনক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত ৰক্ষা কৰে।

কিন্তু স্বাস্থ্য বিজ্ঞানীসকলৰ এনে দাবী নস্যাৎ কৰি আমেৰিকাত পুনৰ আক্ৰান্ত হ’ল এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা এজন যুৱক।

আমেৰিকাৰ নেভাডা নিবাসী ২৫ বছৰীয়া যুৱক জন প্ৰথমে ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে তেওঁ চিকিৎসা গ্ৰহণ কৰে।

চিকিৎসাৰ অন্তত তেওঁৰ ক’ৰ’ণা পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে যদিও ৰোগৰ পৰা মুক্ত হোৱাৰ ৪৮ দিন পিছত যুৱক জন পুনৰ অসুস্থ হৈ পৰে।

তেওঁৰ উশাহ লোৱাত ভীষণ কষ্ট হবলৈ ধৰে আৰু পৰিয়ালৰ লোকে তেওঁক চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে যুৱক জনৰ ক’ৰ’ণাৰ পৰীক্ষা কৰে।

এই পৰীক্ষাত সকলোকে আচৰিত কৰি দি যুৱক জনৰ ক’ৰ’ণাৰ ৰিপ’ৰ্ট পজিটিভ আহে।

৪৮ দিন আগতে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা যুৱক জন পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে বিজ্ঞানীসকলক।

আমেৰিকাৰ এদল বিজ্ঞানীয়ে যুৱক জনৰ দেহত ক’ৰ’ণা প্ৰতিৰোধী এণ্টিবডিৰ সৃষ্টিয়েই হোৱা নাছিল নেকি সেই বিষয়ত অনুসন্ধান আৰম্ভ কৰিছে।