NORTHEAST NOW (Assamese)
দেশ

‘বিকশিত’ উত্তৰ প্ৰদেশৰ আন এক ৰূপ: মোবাইলৰ ফ্লাছ লাইটৰ পোহৰত চিকিৎসা চলালে চিকিৎসকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2022 9:40 pm
Yogi Adityanath Uttar Pradesh

দেশৰ ভিতৰতে শ্ৰেষ্ঠ আৰু কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে প্ৰচাৰিত হোৱা যোগী আদিত্যনাথৰ বিকশিত উত্তৰ প্ৰদেশৰ এক বিশেষ ছবিয়ে এতিয়া উন্মোচিত কৰিছে ৰাজ্যখনৰ বিকাশৰ আঁৰৰ আন এক দৃশ্য। সম্প্ৰতি সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দৃশ্য।

শাসকীয়ে বিজেপিৰ নেতা-কৰ্মীসকলে অভিনৱ প্ৰচাৰেৰে যোগী আদিত্যনাথৰ দক্ষতাৰ যি প্ৰতিচ্ছবি জনসাধাৰণৰ আগত দাঙি ধৰিছিল, এই বিশেষ ছবিখনে এতিয়া এই দক্ষতাৰ ওপৰত তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাজ্যখনৰ বালিয়া জিলা চিকিৎসালয়ৰ চিকিৎসকসকলে বিদ্যুৎ কৰ্তনৰ ফলত উপায়বিহীন হৈ মোবাইল টৰ্চৰ পোহৰেৰেই ৰোগীৰ চিকিৎসা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰতিবেদন অনুসৰি, বালিয়া জিলাত বৰষুণৰ বাবে চিকিৎসালয়খনত বিদ্যুৎ কৰ্তন কৰা হয়। কোনো জৰুৰীকালীন বৈদ্যুতিক সেৱা বা পোহৰৰ ব্যৱস্থা উপলব্ধ নথকাৰ বাবে চিকিৎসকসকলে টৰ্চৰ পোহৰৰ তলত ৰোগীৰ চিকিৎসা কৰিবলগীয়া হয়।

অৱশ্যে বালিয়া জিলা চিকিৎসালয়ৰ দায়িত্বত থকা মুৰব্বী ডাঃ আৰ ডি ৰামে চিকিৎসকসকলে মাত্ৰ ১৫-২০ মিনিটৰ বাবেহে বিদ্যুৎ কৰ্তনৰ সন্মুখীন হ’বলগীয়া হয় বুলি দাবী কৰে।

তেওঁৰ ভাষ্য অনুসৰি বেটাৰিবোৰ পৃথকে ৰখাৰ বাবে চিকিৎসালয়ৰ জেনেৰেটৰ অন কৰিবলৈ তেওঁলোকক কিছু সময় লাগিছিল। সেয়ে কিছু সময়ৰ বাবে চিকিৎসালয়খনত বিদ্যুৎ সেৱা নাছিল।

তেওঁ লগতে পূৰ্বে চিকিৎসালয়খনত কেইবাবাৰো চুৰি কাণ্ড সংঘটিত হোৱাৰ বাবে বেটাৰিসমূহ এনেদৰে পৃথকে ৰখা হয় বুলি দাবী কৰে।

পিছে বিষয়াগৰাকীৰ এই দাবীৰ পাছতো জিলা চিকিৎসালয়খনৰ এই ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্য চৰকাৰে এতিয়াও অৱশ্যে ঘটনাটোৰ ওপৰত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।