NORTHEAST NOW (Assamese)
অসম

ব্যতিক্ৰম! ৩ বছৰ বয়সৰ পৰাই নিজ হাতে সাজি উলিওৱা দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠাৰে পালন কৰি আহিছে পূজা

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক October 11, 2021 11:30 am
Durga Teok artist

Durga Puja with a difference আজি ষষ্ঠী। আজি বিয়লি প্ৰতিখন পূজা মণ্ডপত দেবী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হ’ব। তাৰ সমান্তৰালকৈ যোৰহাট জিলাৰ টীয়কৰ মেলেং লহকৰ গাঁৱত যোৱা বিশটা বছৰে উদযাপন কৰি অহা দূর্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

গাঁওখনৰ এজন উদীয়মান যুৱক কৃষ্ণ প্ৰসাদ দত্তই নিজৰ ঘৰৰ চোতালত উদযাপন কৰি আহিছে এই পূজা।

আশ্চৰ্যজনকভাৱে জীৱনৰ তিনিটা বসন্ত অতিক্ৰম কৰাৰ পৰাই কৃষ্ণ প্ৰসাদ দত্তই দুৰ্গাৰ মূৰ্তি সাজি নিজৰ ঘৰৰ চোতালত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়। নিজ হাতেৰে, কোনো চাক আদি ব্যৱহাৰ নকৰাকৈ নিজৰ শিল্প প্ৰতিভাৰে নিৰ্মাণ কৰা দুৰ্গা দেৱীক আজি ষষ্ঠীৰ দিনা বিয়লি পূজাৰ বেদীত প্ৰতিষ্ঠা কৰিব।

Also Read: ১৮৩ সংখ্যক Durga Puja 2021 উদযাপনৰ বাবে সাজু হৈছে বকেল

সেইদৰে আধুনিক জাকজমকতাৰ পৰা আঁতৰি কেৱল আধ্যাত্মিকতাৰে নিজে পূজা পাৰ্ৱন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলি সকলোৰে মংগল কামনা কৰিছে কৃষ্ণ প্ৰসাদ দত্তই।

এই ক্ষেত্ৰত সমগ্ৰ গাঁৱবাসীয়ে তেওঁক সহযোগিতা আগবঢ়াইছে যদিও উক্ত প্ৰতিভা যাতে আৰু উন্নত কৰিব পাৰে বা এই ভাস্কৰ্য শিল্পৰে যাতে যুৱকজনে জীৱন জীবিকাৰ সন্ধান কৰিব পাৰে তাৰ বাবে সহায় কৰিবলৈ সকলোৰে সহযোগিতা বিচাৰিছে পৰিয়ালৰ সদস্যই।