NORTHEAST NOW (Assamese)
অসম

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত বঙাইগাঁও জিলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী November 27, 2020 6:44 am
IMG-20201126-WA0026

বৃহস্পতিবাৰে আবেলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত, বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বঙাইগাঁও জিলা ব্যাপি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সন্ধিয়া বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা বজাৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আহমেদ পেটেল আৰু জেষ্ঠ অধিবক্তা শাকিল আহমেদৰ আত্মাৰ সৎগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নাম্বাৰপাৰা আঞ্চলিক সমিতিৰ সহযোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মকৰ্তাৰ লগতে শিক্ষক সমাজ, কোকিলা প্ৰেছ ক্লাৱৰ প্ৰতিনিধি আৰু স্থানীয় লোক সকলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে।

বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত  নাম্বাৰপাৰা-চাকলা আঞ্চলিক সমিতিৰ সহযোগত নাম্বাৰপাৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে আহমেদ পেটেল, উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা শাকিল আহমেদৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ তিনিবাৰ কৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈৰ কৰ্মৰাজিক সোঁৰৰণ কৰা হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিতিত থাকে ক্ৰমে এ এছ এছ পিৰ উপদেষ্টা লিয়াকত আলী খান, জিলা সভাপতি ৰফিকুল ইছলাম, উপসভাপতি জাকিৰ হুছেইন, সম্পাদক বানিজ উদ্দিন, আমিনুল ইছলাম, আঞ্চলিক সমিতিৰ সম্পাদক মহিবুল ইছলাম, নাম্বাৰপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় আবু তালেব আহমেদ, আব্দুল কালাম আজাদ, সাংবাদিক ৰফিক আলমৰ লগতে শতাধিক ৰাইজ।