NORTHEAST NOW (Assamese)
অসম

উৎকোচ লৈ লখিমপুৰত গ্ৰেপ্তাৰ হ’ল দুজন

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ November 27, 2020 7:19 am
1

অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই এক অভিযান চলাই বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা দুজন ব্যক্তিক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দুজনৰ এজন লাটমণ্ডল বিশ্বজিত শইকীয়া আৰু আনজন দালাল মনজিত শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

কাৰ্যালয়টোত ভূমিৰ নথি বাবে আবেদন কৰা এজন ব্যক্তিৰ পৰা উৎকোচ লওঁতে বিশ্বজিত শইকীয়া হাতে-লোটে ধৰা পৰে।

অভিযোগ অনুসৰি বিশ্বজিতে আবেদকাৰীৰ পৰা ৫৫,০০০টকা দাবী কৰিছিল।

লখিমপুৰ জিলাৰ ভূমি ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ চলাই অহা দুৰ্নীতিয়ে দীৰ্ঘদিন ধৰি ৰাইজক হাৰাশাস্তি কৰি ৰাখিছে।

দালাল তথা মধ্যভোগীসকলে এই কাৰ্যালয়ৰ চৌহদত ব্যাপক দুৰ্নীতিৰ বেহা মেলি অহা দেখা গৈছে।