NORTHEAST NOW (Assamese)
অসম

সুখবৰ কঢ়িয়াই ৰাজ্যত আজি ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ; নতুনকৈ আক্ৰান্ত ১৫০ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2020 9:33 pm

অসমত আজিৰ দিনটোত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে।

আনহাতে, ৰাজ্যত স্বাস্থ্য বিভাগে আজি সম্পন্ন কৰা মুঠ ২০৭৭৮ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ১৫০ গৰাকী লোক প’জিটিভ হয়।

তদুপৰি, ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত থকা ১৪২ গৰাকী কোভিড সংক্ৰমিত ব্যক্তি আজি কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে। ইয়াৰ ফলত ৰাজ্যত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৭.৯৮ শতাংশলৈ বৃদ্ধি পায়।

অসমত বৰ্তমানলৈ মুঠ ২১২১৭১ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২০৭৯০৫ গৰাকী ব্যক্তি।

স্বাস্থ্য বিভাগৰ অবিৰত চেষ্টা আৰু অসমৰ জনসাধাৰণৰ সহযোগিতাৰ বাবে বৰ্তমান সময়ত ৰাজ্যত ৩২৮৫ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত এতিয়ালৈ ৯৭৮ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে। ৰাজ্যত মৃত্যুৰ হাৰ হৈছে ০.৪৬ শতাংশ।