NORTHEAST NOW (Assamese)
অসম

যোৱা বছৰৰ তুলনাত এইবাৰ সামান্য ধনী হ’ল প্ৰধানমন্ত্ৰী মোডী, কিমান সম্পত্তিৰ মালিক মোডী? জানো আহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 2:40 pm
a modi

ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নৰেন্দ্ৰ মোডী কিমান ধনী ব্যক্তি? এই কথা জানিবলৈ বহুতৰে হয়তো মন যাব।

মোডীৰ সম্পত্তিৰ হিচাব উল্লেখ কৰাৰ পূৰ্বে এটা কথা কৈ থোৱা ভাল হ’ব যে যোৱা বছৰৰ তুলনাত প্ৰধানমন্ত্ৰী মোডীৰ সম্পত্তিৰ পৰিমাণ কিছু বৃদ্ধি পাইছে।

যোৱা বছৰত মোডীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ২.৪৯ কোটি টকা।

কিন্তু ২০২০ চনৰ ৩০ জুন পৰ্যন্ত  এই সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ২.৮৫ কোটি টকা।

অৰ্থাৎ চলিত বৰ্ষত মোডীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে ৩৬ লাখ টকা।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোডীৰ সম্পত্তিৰ পৰিমাণ ৰাজহুৱা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মোডীৰ হাতত নগদ ধন হিচাবে থকা টকাৰ পৰিমাণ হৈছে ৩১,৪৫০ টকা।

বেংকত থকা তেওঁৰ ধনৰ পৰিমাণ হৈছে ৩,৩৮,১৭৩ টকা। গুজৰাটৰ গান্ধী নগৰৰ ষ্টেট বেংকৰ শাখাত মোডীৰ ১,৬০,২৮,৯৩৯ টকাৰ এটা ফিক্সড ডিপ’জিট আছে।

একেদৰে তেওঁ ক্ৰয় কৰি থৈছে ৮,৪৩,১২৪ টকাৰ এন এছ চি।

তেওঁৰ ১,৫০,৯৫৭ টকাৰ জীৱন বীমা আছে। মোডীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৭৫ কোটি টকা।

কোনো বেংকত মোডীৰ কোনো ঋণ নাই আৰু তেওঁৰ নিজা বুলিবলৈ বাহন এখনো নাই।

মোডীৰ চাৰিটা সোণৰ আঙঠি আছে যাৰ মূল্য হ’ব প্ৰায় ১.৫ লাখ টকা।