NORTHEAST NOW (Assamese)
অসম

অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী নিৰ্দেশনাত ক্ষুব্ধ বাংলাদেশৰ ইছলামিক সংগঠন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 2:47 pm
Madrassa Assam

ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ মুছলমান বিদ্বেষী পদক্ষেপৰ অংশ হিচাপেই অসমৰ চৰকাৰী মাদ্ৰাছা বন্ধৰ নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ কৰিছে জমিয়ত উলামায়ে ইছলাম বাংলাদেশ নামৰ সংগঠনটোৱে।

সংগঠনটোৰ মুখ্য সম্পাদক আল্লামা নূৰ হুছেইন কাছেমিয়ে এক বিবৃতি যোগে এই অভিযোগ দাঙি ধৰিছে।

তেওঁ কয় যে আৰম্ভণিৰে পৰাই বিজেপি চৰকাৰে ভাৰতক মুছলমান শূন্য কৰিবলৈ চেষ্টা চলাইছে। ইয়াৰে অংশ হিচাপে তেওঁলোকে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইন আনিছে। লগতে শ শ বছৰ পুৰণি বাবৰি মছজিদ ভাঙি দি সেই স্থানত ৰামমন্দিৰ নিৰ্মাণ কৰিছে।

ভাৰতত মুছলমানসকলৰ ওপৰত আক্ৰমণ, গোচৰ, নিৰ্যাতন বহুবৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে মুছলমান নাগৰিকসকলৰ মৌলিক মানৱাধিকাৰৰ ক্ষেত্ৰত নতুন বাধাৰ সৃষ্টি কৰিছে।

কাছেমিয়ে কয় যে মাদ্ৰাছাসমূহত সুস্থ সমাজ গঢ়াৰ শিক্ষা দিয়া হয়। ইয়াৰ অপৰাধমূলক কামকাজৰ পৰা দূৰত থাকি শান্তিপূৰ্ণ সমাজ গঢ়াৰ প্ৰচেষ্টা কৰা হয়।

বিজেপিয়ে এই কল্যাণকামী শিক্ষা বন্ধ কৰি দুটা সম্প্ৰদায়ৰ মাজত বিদ্বেষ তথা ঘৃণা বিয়পাই দি ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে মুছলমানসকলক অৱনমিত কৰি ৰাখিব  বিচাৰিছে।

সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰে সাম্প্ৰদায়িকতা তথা বৰ্ণবাদৰ যি চৰ্চা আৰম্ভ কৰিছে সি বিশ্বশান্তিৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰিব।

বিশ্ব শান্তি বজাই ৰখাৰ স্বাৰ্থত তেওঁ ৰাষ্ট্ৰসংঘ তথা বিশ্ব সম্প্ৰদায়ক হিন্দুত্ববাদীসকলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অনুশীলনক নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।