NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 3:53 pm
Kishore Bhimani

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ।

যোৱা মাহতে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ভিমানিক কলকাতাৰ এখন ব্যক্তিগত হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

বৃহস্পতিবাৰে পুৱাই হাস্পাতলতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১বছৰ।

প্ৰয়াত প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত দেশৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে।

সংবাদ মাধ্যমৰ লগতে ধাৰা ভাষ্যকাৰ হিচাপে বিগত কেইবাদশক জুৰি আগবঢ়াই অহা অবদানৰ স্বীকৃতি হিচাপে ভিমানি একাধিক পুৰষ্কাৰেৰে সন্মানিত হৈছে।

২০১৩চনত তেওঁক এটা বেচৰকাৰী সংস্থাৰ ফালৰ পৰা লাইফটাইম এচিভমেন্ট পুৰষ্কাৰেৰে সন্মানিত কৰা হৈছিল।

সাংবাদিকতাৰ লগতে ভিমানিয়ে গ্ৰন্থও লিখিছে। তেওঁৰ ‘দ্য এক্সিডেন্টেল গডমেন’ গ্ৰন্থখনে পাঠকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

কিশোৰ ভিমানিৰ মৃত্যুত বিভিন্ন ক্ৰীড়া ব্যক্তিত্বৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ছচিয়েল মিডিয়াত শোক প্ৰকাশ কৰি বাৰ্তা দিছে।