NORTHEAST NOW (Assamese)
অসম

পিঠি খজুৱাবলৈ এইজন লোকে ব্যৱহাৰ কৰিছে জেচিবি! ভাইৰেল ভিডিঅ’কলৈ নেটিজেনৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 8:13 pm
a jcb

বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ কোনে সাহস কৰিব বাৰু?

নিশ্চয়কৈ জীৱন্ত বাঘ এটাৰ নেগুৰেৰে কাণ খজুৱাবলৈ গৈ কোনেও বিপদ মাতি নানে।

বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ নগ’লেও এই জন লোকে চলি থকা এখন জেচিবিৰে পিঠি খজুৱাবলৈ গৈ বহুতোকে আমোদ দিয়াৰ লগতে বহুতৰে পৰা গৰিহণাও পাইছে।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই ভিডিঅ’কলৈ এতিয়া বিভিন্ন জনে বিভিন্ন ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

বহুতে জেচিবিৰে পিঠি খজুওৱা লোক জনক গৰিহণা দি কৈছে যে ধেমালীৰ চলেৰে হ’লেও ইমান বিপজ্জনক কাম কেতিয়াও কৰা অনুচিৎ।

বহুতে আকৌ এই ভিডিঅ’ দেখি আমোদো পাইছে।

যি কি নহওঁক জেচিবিৰে পিঠি খজুওৱা লোক জন হয়তো ভাৰতৰে হ’ব। এই ভিডিঅ’ই এতিয়ালৈকে ২ লাখতকৈ অধিক লাইক পাইছে।