NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলৰ আহ্বায়ক পদৰ পৰা অব্যাহতি মনোজ গগৈক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 16, 2020 7:24 pm

অৱশেষত ৰাইজৰ দলৰ আহ্বায়ক পদৰ পৰা অব্যাহতি দিয়া হ’ল মনোজ গগৈক।

সাময়িকবাৱে অব্যাহতি দিয়া হৈছে আহ্বায়ক গৰাকীক।

আটাইকেইগৰাকী মুখ্য আহ্বায়কৰ স্বাক্ষৰ সম্বলিত জাননী যোগে তেওঁক পদৰ পৰা অব্যাহতি দিয়াৰ কথা জনাইছে।

মনোজ গগৈৰ ওপৰত উত্থাপিত অভিযোগৰ বাবেই ইয়াৰ সত্যতা নিৰ্ধাৰণ কৰিবৰ বাবে এই ব্যৱস্থা হাতত লৈছে ৰাইজৰ দলৰ ফালৰ পৰা।

উল্লেখ্য যে, মনোজ গগৈৰ বিৰুদ্ধে ৰুজু হৈছে এখন এজাহাৰ। ইয়াৰোপৰি, মনোজ গগৈৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপিত হৈ আছে বুলি জাননিত উল্লেখ।

সেই এজাহাৰখনৰ সত্যতা নিৰূপন হলেহে পিছলৈ পুনৰ ৰাইজৰ দলে সিদ্ধান্ত লব গগৈৰ ওপৰত।

ইতিমধ্যে, “ৰাইজৰ দল”ৰ মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়াৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে।